আইৰ সমান হ’ব কোন? এগৰাকী মাতৃৰ জীয়া কাহিনী...
A Story of A Mother :
আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ব কোন? পৃথিৱীৰ আটাইতকৈ মৰমসনা শব্দটো হৈছে মা। সমস্ত আৱেগ, সৰলতা, হৃদয়ৰ গভীৰলৈকে ঝংকাৰ তুলিব পৰা সেই শব্দটোৰ নামেই মা। কিহেৰে তুলনা কৰিম? যিগৰাকীয়ে ১০ মাহ ১০ দিন প্ৰসৱৰ যন্ত্ৰণাক জীৱনৰ প্ৰাপ্তি, সৰ্বোচ্চ সুখ বুলি ভাবি চকুলোৰ লোটক মোহাৰি আলফুলে সন্তানক কোলালৈ স্বাগতম জনায়। তুলি-টালি ডাঙৰ দীঘল কৰে, যিগৰাকীয়ে সন্তানৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিবলৈ সাজু হয় সেইগৰাকীয়েই মা।
এগৰাকী মাতৃৰ জীয়া কাহিনী। আছে বহু যন্ত্ৰণা, বহু বিষাদ, অপূৰণীয় দুখৰ সমাহাৰ। তথাপিও জীৱন বাটত সংঘৰ্ষ কৰিছে এক মাত্ৰ নিজৰ সন্তানৰ বাবে। প্ৰতিদিনে ১০ কিলোমিটাৰ খোজ কাঢ়ে। ৰুগীয়া সন্তানৰ বাবে ৩০ডাল গছত উঠি যোগাৰ কৰে ঔষধ। তেলেংগানাৰ সাবিত্ৰী নামৰ এগৰাকী মাতৃৰ জীৱন সংগ্ৰামৰ কথা এতিয়া প্ৰচাৰিত হৈছে প্ৰায়বোৰ সংবাদ মাধ্যমত। ২০১৬ চনত যেতিয়া তেওঁৰ স্বামীৰ মৃত্যু হৈছিল তেতিয়া সাবিত্ৰী আছিল গৰ্ভৱতী। অকলশৰীয়া জীৱনলৈ কিছুদিন পিছতেই আহিছিল এগৰাকী কন্যা সন্তান। সেই সন্তানটোক তুলি-টালি ডাঙৰ-দীঘল কৰাৰ বাবে সাবিত্ৰীয়ে সন্মুখীন হৈছিল নানা ঘাত-প্ৰতিঘাতৰ।
দশম শ্ৰেণীলৈকে পঢ়া সাবিত্ৰীয়ে চাকৰিৰ আশা বাদ দি নিজৰ স্বামীৰ পূৰ্বপুৰষে কৰি অহা কামটো বাছি লৈছিল। মহিলা হিচাপে কামটো আছিল জটিল। কাৰণ তেওঁলোকে গছত উঠি তাল ৰস সংগ্ৰহ কৰিছিল। তাল ৰস এনে এবিধ ৰস যি দক্ষিণ ভাৰতত জনপ্ৰিয়। এই ৰসবিধ ৰাগীয়াল দ্ৰব্যৰ ভিতৰত পৰে বাবে সাবিত্ৰীয়ে চৰকাৰৰ পৰা অনুজ্ঞাপত্ৰ ল’ব লগীয়া হৈছিল। বহু সংগ্ৰাম কৰি তেওঁ তাল ৰস বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ লাভ কৰে। এনেদৰে তেওঁ প্ৰতিদিনে সংগ্ৰাম কৰি নিজৰ সন্তানৰ প্ৰতিদিনৰ খাদ্য আৰু ঔষধ যোগাৰ কৰে। এয়াই হৈছে সন্তানৰ প্ৰতি থকা মাতৃ মৰম, ভালপোৱাৰ নিদৰ্শন। সমাজত এনে বহু মাতৃ আছে যি নিজৰ সন্তানৰ বাবে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈ এমুঠি খাদ্যৰ বাবে কৰিছে বহু সংগ্ৰাম।
সন্ধিয়া যেতিয়া নামে, আইলৈ মনত পৰে। অস্তগামী বেলিটো নামি অহাৰ লগে লগে চৰাই-চিৰিকটিয়ে ঢাপলি মেলে বাহলৈ, মানুহ কৰ্মস্থলীৰ পৰা যায় ঘৰলৈ। দিনটোৰ ব্যস্ততাৰ মাজৰ পৰা ওলাই প্ৰত্যকেই অলপ সময় অকলশৰীয়া হৈ পৰে ঠিক সেই সময়তেই মনত পেলায় নিজৰ মালৈ। আমি সকলো মা নামৰ সত্তাটোৰ প্ৰেমিক। কাৰণ অঘোষিতভাৱে সকলোৰে প্ৰথম প্ৰেয়সী মা।
0 Comments