প্লাষ্টিকৰ তুল সমূহৰ মাজত ফুটা থাকে কিয় জানেনে?
ইয়াৰ উত্তৰ বিজ্ঞানত লুকাই আছে
প্লাষ্টিক সামগ্ৰী নিৰ্মাণ কৰা কাৰখানাটো ব্ৰেণ্ডেড হওক বা স্থানীয় হওক, সকলোতে উৎপাদনৰ বাবে বিজ্ঞানৰ সাধাৰণ নিয়ম মানি চলা হয়।
গতিকে তুল এখন পৃথিৱীৰ যিকোনো কোণতে বনোৱা হওক, ইয়াৰ মাজত এটা ডাঙৰ ফুটা ইচ্ছাকৃতভাৱে বনোৱা হয় কাৰণ ঠাইৰ অভাৱত,
সেয়া আপোনাৰ ঘৰেই হওক বা দোকানেই হওক, প্লাষ্টিকৰ তুলবোৰ প্ৰায়ে এটাক আনটোৰ ওপৰত ৰখা হয়।যদি এই তুলবোৰত কোনো ফুটা নাথাকে,
তেতিয়া ইহঁত ইটোৱে সিটোৰ লগত লাগি থাকিব, বায়ুৰ চাপ আৰু ভেকুৱামৰ বাবে, ইহঁতক পৃথক কৰিবলৈ বহুত বলৰ প্ৰয়োজন হ’ব। এইটো স্পষ্ট যে সকলোৰে বাবে সিহঁতক আঁতৰাই টানি অনাটো সহজ নহ’ব, সেইবাবেই বিজ্ঞানৰ নিয়ম অনুসৰি তুলত এটা ফুটা থাকে।
0 Comments