৫০কেজি কেক কাটি বিজয়ী উল্লাস আজমলসুপাৰ ৪০ত। সৰ্বভাৰতীয় পৰ্যায়ত ঐতিহাসিক ফলাফলৰে উজলি উটিল আজমল সুপাৰ ৪০
এইবাৰ অকল অসমতেই নহয় গোঠেই ভাৰতবৰ্ষৰ ভিতৰত বিশেষ স্থান দখল কৰিলে আজমলে৷
দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহন কৰিছিল আজমল সুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি ৷
আজমল সুপাৰ ৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে৷
সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল সুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ NEET ২০২২ বৰ্ষৰ পৰীক্ষাত আজমল সুপাৰ ৪০ য়ে আজি এক ঐতিহাসিক সফলতাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে৷
২০২২ বৰ্ষৰ NEET পৰীক্ষাত ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ NEET ২০২২ৰ বাছনি পৰীক্ষাত আজমল সুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰে স্বনৱাৰ হুছেইন ,৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ পায় , জামাজ আখতাৰ (৬৩৮), নবিউল ইছলাম (৬৩৬), হবিবা ফিৰদৌচ (৬৩৫) ছাহিদ আহমেদ (৬৩৫) ,চাবা চামচাদ (৬৩১) নম্বৰ লাভ কৰিবলৈ সক্ষম হয় ।
সফলতা অৰ্জন কৰা এই মেধাসম্পন্ন শিক্ষাৰ্থীৰ অধিকাংশ শিক্ষাৰ্থীয়ে আৰ্থিকভাবে পিছপৰা৷ শিক্ষাৰ্থীসকলৰ মেধা আৰু চিকিৎসক হোৱাৰ সপোনৰ কথা জানিব পাৰি আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু সিৰাজুদ্দিন আজমলৰ নিৰ্দেশত আজমল ফাউণ্ডেচনে তেওঁলোকৰ শিক্ষাৰ সম্পূৰ্ণ খৰচ বহন কৰিছিল৷
আজমল ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া কোচিং ব্যৱস্থা কৰা হৈছিল৷লগতে প্ৰদান কৰা হৈছিল জলপানি৷ আনহাতে আৰ্থিক ভাবে সৱল শিক্ষাৰ্থীসকলকো বিশেষ ৰেহাই প্ৰদান কৰি উন্নত কোচিং প্ৰদানেৰে তেওঁলোকৰ এই সপোন পূৰণৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল আজমল সুপাৰ ৪০ য়ে৷
এই মেধাসম্পন্ন শিক্ষাৰ্থীসকলক দক্ষ শিক্ষকমণ্ডলীৰ দ্বাৰা কোচিং প্ৰদান কৰা হৈছিল৷আজমল সুপাৰ ৪০ ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে দিনে ৰাতি একাকাৰ কৰি শিক্ষাৰ্থী সকলৰ সপোন পূৰণ কৰিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা গ্ৰহণ কৰিছিল৷যাৰ বাবে আজি সমগ্ৰ ভাৰতৰ ভিতৰত আজমল সুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে নিজৰ পাৰদৰ্শিতাৰে সুনাম অৰ্জন কৰিবলৈ সক্ষম হয়৷
আজমল সুপাৰ ৪০ ৰ এই ঐতিহাসিক সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে আজমল পৰিয়াল । আজমল গ্ৰুপ অৱ কোম্পানীৰ CEO আমিৰ উদ্দিন আজমল,আজমল ফাউণ্ডেচনৰ মূখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল,সিৰাজুদ্দিন_আজমলক ধৰি আজমল পৰিয়ালে আজমল সুপাৰ ৪০ সমূহ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে আজমল সুপাৰ ৪০ৰ লগত জড়িত সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তা সকলক অভিনন্দন জ্ঞাপন কৰে লগতে বিশেষকৈ সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীক আন্তৰিক অভিনন্দন জনায়।
আজমল ফাউণ্ডেচনৰ সঞ্চালক_ড° খচৰুল_ইছলামে এই কৃতিত্বৰ বাবে আজমল সুপাৰ ৪০ ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰি কয় যে শিক্ষাৰ্থীসকলৰ বাবে দিনে ৰাতিয়ে পৰিশ্ৰম কৰা শিক্ষকসকলৰ একান্ত প্ৰচেষ্টা, কৰ্তব্যপৰায়ণতাৰ লগতে শিক্ষাৰ্থীসকলৰ একাগ্ৰতা তথা অধ্যাৱসায়ৰ বাবে আজি এই সফলতা লাভ কৰিবলৈ সক্ষম হয়৷
উল্লেখযোগ্য যে ২০২০ বৰ্ষতো আজমল সুপাৰ ৪০ৰ পৰা ৮৪ গৰাকীয়ে , ২০২১ত ১৫০ গৰাকীয়ে NEETত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ আজমল সুপাৰ ৪০ৰ দক্ষ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ প্ৰশিক্ষন তথা শিক্ষাৰ্থী সকলৰ অধ্যৱসায়ৰ বলত এইবাৰ ২৪০ত কৈ অধিক শিক্ষাৰ্থীয়ে NEET ২০২২বৰ্ষত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়, যিয়ে নেকি আজমল সুপাৰ ৪০ ৰ বাবে এক গৌৰৱৰ বিষয়৷
সংগ্ৰহ কাৰি জাহাংগীৰ আলম শিকদাৰ ৰ ৰিপ'ৰ্ট ।
0 Comments