কিয়ামতৰ দিন প্ৰাণীৰ ছবি অংকনকাৰী সকলৰ কি শাস্তি হ'ব?
এই সম্পৰ্কে কেইটামান হাদীছ দাঙি ধৰা হ'ল।
আব্দুল্লাহ ইবনে উমৰ(ৰাঃ) ৰ পৰা বর্ণিত। ৰাছূলুল্লাহ ( ﷺ)এ কৈছেঃ যি সকলে ছবি আঁকে, কিয়ামতৰ দিন তেওঁলোকক শাস্তি দিয়া হ'ব। আৰু তেওঁলোকক কোৱা হ'ব যে, তোমালোকে যি বনাইছা তাত প্রাণ দিয়া। {ত্বহাবী, হাদীছ নং-৬৯৪১, বুখাৰী, হাদীছ নং-৫৬০৭, ৭১১৯, ৫৬১২, ৫৬১৬, ৭১১৮, মুছলিম, হাদীছ নং-৫৬৫৭,। ছহীহ ইবনে হিব্বান, হাদীছ নং-৫৮৪৫, }
আব্দুল্লাহ বিন মাছউদ (ৰাঃ)ৰ পৰা বর্ণিত। ৰাছূলুল্লাহ ( ﷺ )এ কৈছে,কিয়ামতৰ দিন বেছি কঠিন শাস্তি হ'ব ছবি অংকনকাৰী সকলৰ।
{ত্বহাবী, হাদীছ নং-৬৪৩২, বুখাৰী, হাদীছ নং-৫৬০৬, মুছলিম, হাদীছ নং-৫৬৫৯}
আবু তালহা (ৰাঃ)ৰ পৰা বর্ণিত। ৰাছূলুল্লাহ (ﷺ) ক মই কওতে শুনিছোঁ যে, ঐ ঘৰত ফিৰিস্তা প্রৱেশ নকৰে, যি ঘৰত কুকুৰ বা জীৱ-জন্তুৰ ছবি থাকে। {ত্বহাবী, হাদীছ নং-৫২৭২, আবু দাউদ, হাদীছ নং-৪১৫৯, ইবনে মাজাহ, হাদীছ নং-৩৬৪৯, বায়হাকী, হাদীছ নং-১০৮৪, তিৰমিযী, হাদীছ নং-২৮০৪, দাৰেমী, হাদীছ নং-২৬৬৩, বুখাৰী, হাদীছ নং-৩০৫৩, মুছলিম, হাদীছ নং-৫৬৩৩, ইবনে হিব্বান, হাদীছ নং-৫৮৫৫}
واللہ اعلم
আল্লাহ তা'আলাই আমাক সকলোকে প্ৰাণীৰ ছবি অংকনকাৰীৰৰ পৰা হিফাজত কৰক আমিন 🤲
✍️Ali Asgor
0 Comments