বিভিন্ন হাদিছৰ দ্বাৰা প্ৰমাণিত যে "ফৰজ"নামাজৰ পিচত "দুআ" কৰিলে,আল্লাহৰ দৰবাৰত "দুআ" কবুল হয়।
সেয়ে প্ৰতি গৰাকী নামাজীয়ে অতি বিনয়েৰে নিজৰ নিজৰ বৈধ অভাৱবোৰ "ফৰজ" নামাজৰ পিচত আল্লাহৰ দৰবাৰত "দুআ"ৰ জৰিয়তে ক'ব লাগে। হাদিছত যিবোৰ মছনুন "দুআ" পাঠ কৰা সম্পৰ্কে উল্লেখ পোৱা যায়,সেই মছনুন দুআবোৰও আদায় কৰিব লাগে।লগতে ফাতিমি তাচবিসও আদায় কৰিব লাগে।
প্ৰতি গৰাকী নামাজীয়ে জানি থোৱা অপৰিহাৰ্য যে "ফৰজ" নামাজৰ চালাম ফিৰোৱাৰ পিচত ইমাম আৰু মুক্তাদিৰ সম্পৰ্ক শেষ হৈ যায়। ইমাম চাহেবে হাত উঠাই "দুআ" কৰা মাত্ৰকে মুক্তাদি সকলেও যে ইমাম চাহেবৰ লগে লগে "দুআ" কৰিব লাগিব,এনে কথা চাৰিআতত প্ৰমাণ নাই নতুবা ইমাম চাহেবে "দুআ" শেষ কৰা মাত্ৰকে মুক্তাদি সকলেও যে "দুআ" শেষ কৰিব লাগিব এনে কথা চাৰিআতত প্ৰমাণ নাই। বৰং ইমাম চাহেবৰ লগত সমূহীয়া "দুআ" কৰা আৰু জৰুৰী বুলি ধাৰণা কৰি নিয়মিত ভাবে একত্ৰে "দুআ" কৰা "বিদআত"। কাৰণ ফৰজ নামাজৰ পিচত "দুআ" কৰা প্ৰমাণ আছে যদিও ইমাম আৰু মুক্তাদি মিলি সমূহীয়া "দুআ" কৰা হাদিছত প্ৰমাণ নাই।
ইমাম চাহেবে হওঁক বা মুক্তাদিয়ে হওঁক "ফৰজ" নামাজৰ পিচত বা অন্য সময়ত মনে মনে "দুআ"কৰা আল্লাহৰ পচন্দনীয়। হাদিছত আছে:উত্তম "দুআ" হৈছে মনে মনে কৰা "দুআ"।
ইমাম চাহেবে "ফৰজ"নামাজৰ পিচত নিতৌ উচ্চস্বৰে "দুআ" কৰা মাকৰূহ। কেতিয়াবা মুক্তাদি সকলক "দুআ" শিকোৱাৰ নিয়্যতত উচ্চস্বৰে দুআ কৰিব পাৰে। কিন্তু অন্য নামাজী সকলৰ প্ৰতি খিয়াল ৰখাটো জৰুৰী। যাতে উচ্চস্বৰে "দুআ" কৰাৰ বাবে নামাজত অসুবিধা নহয়।
যিবোৰ ফৰজ নামাজৰ পিচত, চুন্নাত ও নফল নামাজ আছে:"জহুৰ,মাগৰিব আৰু ঈছাৰ"। সেই "ফৰজ" নামাজৰ পিচত "দুআ" বেছি দীঘলীয়া কৰিব নালাগে। আৰু যিবোৰ "ফৰজ" নামাজৰ পিচত চুন্নাত ও নফল নামাজ নাই:"ফজৰ আৰু আচৰ"। সেইবোৰ নামাজৰ পিচত নিজৰ নিজৰ মছনুন "দুআ" আৰু ফাতিমি তাচবিসবোৰ শেষ কৰি সাধ্যানুসৰি "দুআ" দীঘলীয়া কৰিব পাৰে।নিজৰ নিজৰ মছনুন "দুআ" আৰু ফাতিমি তাচবিসবোৰ শেষ কৰি অকলশৰীয়া নিয়্যতত "দুআ" কৰাৰ সময়ত যদি সমূহীয়া ভাবে "দুআ" কৰাৰ দৰে দেখা যায়।এনে অৱস্থাত কোনো অসুবিধা নাই।
মুক্তাদি সকলৰ মনৰ পৰা সমূহীয়া "দুআ" কৰা জৰুৰী ধাৰণা,মহিমূৰ কৰা উদ্দেশ্যে ইমাম চাহেব সকলে মুক্তাদি সকলক বুজাই থাকিব আৰু কেতিয়াবা কেতিয়াবা মছনুন দুআবোৰ আদায় কৰি হাত উঠাই দুআ নকৰি উঠি যাব লাগে।
ফাতাৱা কাছিমীয়া
অনলাইন ফাতাৱা দাৰুল উলুম দেওবন্দ।
মুফতি আমজাদ আলী
৪ ৰবিউল আওৱাল
১৪৪৬ হিজৰী
৮/৯/২০২৪ ইংৰাজী
0 Comments